NORTHEAST NOW (Assamese)
অসম

দূটি মূৰ সংলগ্ন যমজ সন্তান: এক জটিল অস্ত্ৰোপচাৰৰ বাবে চেষ্টা অব্যাহত GMCHৰ চিকিৎসকৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী November 6, 2021 6:42 pm
twin baby in GMCH

GMCH doctors effort বৰপেটাত যমজ নৱজাতকৰ কাহিনী এয়া। যোৱা ২৭ অক্টোবৰত বৰপেটা মেডিকেল কলেজত জন্ম হৈছিল এই যমজ নৱজাতকৰ। জন্মৰে পৰা মূৰ দুটা সংলগ্ন হৈ আছে শিশু দুটিৰ। 

আজি জন্ম হোৱাৰ ১১ দিনত ভৰি দিছে শিশু দুটি। বৰ্তমান গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে শিশু দুটি।

অস্ত্ৰোপচাৰৰ মাধ্যমেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে মূৰ কেইটা পৃথক কৰিবলৈ চেষ্টা চলাই আছে।

কিন্তু সন্তান দুটাৰ এটাই মগজু হ’লে মূৰ দুটা পৃথক কৰা সম্ভৱ নহ’ব বুলি জনায় GMCH কৰ্তৃপক্ষই।

আনহাতে, অস্ত্ৰোপচাৰৰ জৰিয়তে মূৰ দুটা পৃথক কৰিব নোৱাৰিলে লেজাৰ চাৰ্জাৰীৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিব বুলি জনাইছে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই।

চাৰ্জাৰী চিকিৎসকৰ দলে সন্তান দুটাৰ MRI কৰাৰ পৰামৰ্শ আগবঢ়াইছে।