NORTHEAST NOW (Assamese)
অসম

হাজোৰ বামুন্দীৰ দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভত ৰাইজে চলালে উচ্ছেদ অভিযান

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ October 7, 2021 2:14 pm
eviction bamundi dokonia

Eviction Drive: হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ ২নং দোকনীয়াত বামুন্দী ৰাইজে চলালে উচ্ছেদ অভিযান ।

কিছুদিন ধৰি এটা বেনামী NGOই অবৈধভাৱে দখল কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ব্ৰহ্মপুত্ৰৰ চৰত থকা বামুন্দী ৰাইজৰ সংৰক্ষিত ভূমি আজি সহস্ৰাধিক লোকে বেনামী NGOৰ ঘৰ ভাঙি বেদখল উচ্ছেদ কৰে।

স্থানীয় প্ৰশাসনক বহুবাৰ উচ্ছেদৰ বাবে আহ্বান জনাইছিল যদিও প্ৰশাসনে কোনো সঁহাৰি নিদিয়াৰ বাবে আজি বামুন্দী ৰাইজে এইদৰে ভূমিখিনিত উচ্ছেদ চলায়।

বৃহত্তৰ বামুন্দী ৰাইজৰ উদ্যোগত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি বামুন্দী ৰাইজে প্ৰায় ২০০ বিঘা ভূমি উচ্ছেদ কৰি পুনৰ মাহ ছটিয়াই বেদখল মুক্ত কৰে।

এতিয়াও দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভৰ ২২হাজাৰ বিঘা চৰকাৰী ভূমি সন্দেহজনক নাগৰিকৰ দখলত।

উক্ত ৰিজাৰ্ভত বছৰ বছৰ ধৰি সন্দেহজনক নাগৰিকে দখল কৰি থকাৰ পাছতো উচ্ছেদ চলা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।