NORTHEAST NOW (Assamese)
অসম

আজি নিশাই আদানী গ্ৰুপৰ অধীনলৈ যাব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2021 8:52 pm
Guwahati LGBI to Adani

বৃহস্পতিবাৰে নিশা ১২ বজাৰ পৰা আদানী গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ সম্পত্তি হ’ব গুৱাহাটী বিমানবন্দৰ।

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ পৰা আদানী গ্ৰুপলৈ চলি থকা হস্তান্তৰ প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হ’ব।

কাইলৈৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত আদানী গ্ৰুপৰ কৰ্তৃত্ব থাকিব।

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে আদানী গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ চীফ এয়াৰপোৰ্ট অফিচাৰ উৎপল বৰুৱাক বিমানবন্দৰটোৰ দায়িত্ব হস্তান্তৰ কৰিব।

ইতিমধ্যে আদানী গ্ৰুপে অসমীয়া বিষয়া উৎপল বৰুৱাক গুৱাহাটী বিমনাবন্দৰৰ চীফ এয়াৰপৰ্ট অফিচাৰ হিচাপে নিযুক্তি দিছে।

গুৱাহাটী বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ প্ৰতিবাদ অব্যাহত আছে।

এই প্ৰতিবাদৰ মাজতেই আজি নিশা সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ হ’ব গুৱাহাটী বিমানবন্দৰ।