NORTHEAST NOW (Assamese)
অসম

অহা পাঁচ বছৰত অসমত দালালৰাজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 8, 2021 4:54 pm

আজি থাওৰাৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

ন বিজেপি সুশান্ত বৰগোঁহাইৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে এই উপ নিৰ্বাচন বুলি মন্তব্য কৰে।

অহা পাঁচ বছৰত অসমত দালালৰাজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী পিয়ুষ হাজৰিকাই ক’লে অখিল গগৈৰ শিষ্টাচাৰৰ পৰিৱৰ্তন হৈছে বুলি।

সুশান্ত বৰগোঁহাইৰ মনোনয়নৰ সময়ত উপস্থিত থাকি মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ সমালোচনা কৰে।