NORTHEAST NOW (Assamese)
অসম

দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ নিয়োগ; কোনে ক’ত পালে নিযুক্তি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2021 9:33 am
Chief Justices of the Highcourts

New Chief Justices: সকলো মিলি দেশৰ ১৩খন হাইকোৰ্টত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। শনিবাৰে দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যয়াধীশ নিযুক্তিত অনুমোদন জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

অৱশ্যে ইয়াৰে কেইগৰাকীমানক এখন হাইকোৰ্টৰ পৰা আন এখনলৈ বদলি কৰা হৈছে।

নতুন নিযুক্তি অনুসৰি মেঘালয় হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৰঞ্জিত ভি মোৰেক।

সেইদৰে, ইন্দ্ৰজিত মহান্তি হ’ব ত্ৰিপুৰা হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ। তেওঁ পূৰ্বে ৰাজস্থান হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল।

নতুন নিযুক্তিত ত্ৰিপুৰা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশিক ৰাজস্থান হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

নতুন নিযুক্ত হোৱা হাইকোৰ্টকেইখন হৈছে এলাহাবাদ, কলকাতা, মেঘালয়, মধ্যপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, হিমাচল প্ৰদেশ, ছিকিম আৰু ছত্তীশগড়।

Also Read: Sex racket busted: যৌনতাৰ বেহা! ডিব্ৰুগড়ত দেহ ব্যৱসায় চক্ৰ উৎখাত; চাৰিজনক গ্ৰেপ্তাৰ

দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ কেইগৰাকী হ’ল:     

* এলাহাবাদ হাইকোর্ট – ৰাজেশ বিন্দল।

*মেঘালয় হাইকোর্ট – ৰঞ্জিত ভি মোৰে। 

* তেলেংগানা – সতীশচন্দ্র শর্মা।

*কলকাতা হাইকোর্ট – প্রকাশ শ্রীবাস্তব। 

*মধ্যপ্রদেশ হাইকোর্ট – আৰ ভি মালিমথ। 

*কৰ্ণাটক হাইকোর্ট – ঋতুৰাজ আৱাস্তি। 

*গুজৰাট হাইকোর্ট – অৰবিন্দ কুমাৰ। 

*অন্ধ্র প্রদেশ – প্রশান্ত কুমাৰ মিশ্র।

* ৰাজস্থান হাইকোর্ট – এ এ কুৰেশি। 

* ত্রিপুৰা হাইকোর্ট – ইন্দ্রজিৎ মহান্তি।

* হিমাচল প্রদেশ হাইকোর্ট – মহম্মদ ৰফিক। 

* ছিকিম হাইকোর্ট – বিশ্বনাথ সমাদ্দাৰ। 

*ছত্তীশগড় হাইকোর্ট – এ কে গোস্বামী।