NORTHEAST NOW (Assamese)
অসম

Elephant Attack:গোৱালপাৰাৰ মাটিয়াত অঘটন, বিয়া খাবলৈ আহি বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই October 10, 2021 2:05 pm
Elephant Attack:

Elephant Attack: গোৱালপাৰাৰ মাটিয়াত অঘটন ৷

বিয়া খাবলৈ আহি বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ ৷ মাটিয়াৰ মিলনপুৰত দুটাকৈ বন্যহস্তীৰ চলিছে সন্ত্ৰাস ৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল।

হাতীৰ আক্ৰমণত বিয়া খাবলৈ আহি হাতীৰ গচকত মৃত্যু হ’ল প্ৰদীপ দাস নামৰ এজন লোকৰ ৷

লোকজনৰ ঘৰ মৰনৈত ৷ উল্লেখ্য যে, পুৱাৰ পৰাই হাতীৰ এটা জাকে মাটিয়া অঞ্চলত মুক্ত বিচৰণ কৰি আছিল ৷

Also read: গুৱাহাটীত পেট্ৰ’লৰ দামে মাৰিলে চেঞ্চুৰী; ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিকে

সেই জাকটোৰে দুটা হাতীয়ে সন্ধিয়া হোৱাৰ লগে লগে জাকৰ পৰা ওলাই আহি মাটিয়া অঞ্চলত সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰে৷
এই হাতীৰ আক্ৰমণতে নিহত হয় লোকজন ৷

হাতীৰ আক্ৰমণত লোকজনৰ মৃতদেহটো চিন্ন-বিচ্ছিন্ন হৈ পৰে৷

এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাটিয়া আৰু মৰনৈত ৷

আনহাতে উপদ্ৰৱ চলোৱা হাতী দুটা এতিয়াও একে ঠাইতে অৱস্থান কৰি থকাত আতংকিত হৈ আছে ৰাইজ