NORTHEAST NOW (Assamese)
অসম

Death of Cricketer: মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 11:24 am
Avi Barot

Death of Cricketer মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ক্ৰিকেটাৰ অভি বৰোটে। প্ৰথমবাৰৰ বাবে যোৱা বছৰ ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন হোৱা সৌৰাষ্ট্ৰ দলৰ উইকেটকীপাৰ তথা অপেনিং বেটছমেন আছিল অভি।

সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’ছিয়েশ্যনে প্ৰকাশ কৰা এক বিবৃতিত শোক প্ৰকাশ কৰি কোৱা হৈছে যে সৌৰাষ্ট্ৰৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ অভি বৰোটৰ অকাল বিয়োগত সংস্থাৰ সকলো কৰ্মকৰ্তা মৰ্মাহত হৈ পৰিছে।  

শুকুৰবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ ক্ৰিকেটাৰগৰাকীৰ বিয়োগ ঘটে।

যোৱা ২০১৯-২০ বৰ্ষৰ সৌৰাষ্ট্ৰ ৰঞ্জী ট্ৰফী দলটোৰ বিজয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অভি বৰোটে।

ভাৰতৰ ১৯ অনুৰ্দ্ধ দলৰ অধিনায়কো হৈছিল অভি বৰোট।

অভিয়ে পশ্চিমবংগৰ বিৰুদ্ধে ফাইনেলত অপেনিং কৰি প্ৰথম ইনিংছত ৫৪ৰাণ আৰু দ্বিতীয় ইনিংছত ৩৯ৰাণ কৰিছিল।

Also Read: IPL Fight-2021কলকাতাক হৰুৱাই চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ ধোনীৰ চেন্নাইৰ

ক্ৰিকেটাৰ গৰাকীয়ে হাৰিয়ানা আৰু গুজৰাটৰ হৈও ৰঞ্জী ট্ৰফী খেলিছিল আৰু অফ স্পীন বলিঙো কৰিছিল।

অভিয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৩৮খন মেচ খেলি ১৫৪৭ৰাণ কৰিছিল। তদুপৰি, তেওঁ ঘৰুৱা এদিনীয়া ক্ৰিকেটত ৩৮খন মেচ খেলি ১০৩০ৰাণ সংগ্ৰহ কৰিছিল।

সেইদৰে, টী-২০ ক্ৰিকেটত মুঠ ২০খন মেচ খেলি সংগ্ৰহ কৰিছিল ৭১৭ৰাণ। চৈয়দ মুস্তাক আলী ট্ৰফীত গোৱাৰ বিৰুদ্ধে অভিয়ে ৫৩টা বলত ১২২ৰাণৰ এক দৃষ্টিনন্দন ইনিংছ খেলিছিল।

এনে এগৰাকী উদীয়মান ক্ৰিকেটাৰৰ অকাল মৃত্যুত দেশৰ ক্ৰিকেট মহলত গভীৰ শোক ছাঁ পৰিছে।