NORTHEAST NOW (Assamese)
অসম

বোকাখাতত যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: উত্তম শইকীয়া April 3, 2018 11:16 am
Bokakhat-youth-

গোলাঘাট জিলাৰ বোকাখাতৰ নাহৰজান তিনি আলিৰ সমীপত আজি ৰাতিপুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

মৃত যুৱকজনক মিকিৰচাঙৰ বিহৰা চাহ বাগিচাৰ ৰিংকু টামাৰিয়া বুলি চিনাক্ত কৰা হৈছে।

মঙলবাৰে ৰাতিপুৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অঞ্চলটোৰ কিছু স্থানীয় লোকে উক্ত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰে৷

উল্লেখ্য যে পথৰ দাঁতিত পৰি থকা যুৱকজনে কলা চাৰ্ট,  নীলা জিনচ আৰু কেনভাচ পৰিধান কৰি আছিল। ইয়াৰ উপৰি যুৱকজনৰ কানত হেড ফোনো লাগি থকা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।

জানিব পৰা মতে বোকাখাত নগৰত চলি থকা হনুমান মেলা চাই নিশা উভতি আহি থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা গাড়ীয়ে খুন্দিয়াই যুৱকজনক নিহত কৰা বুলি প্ৰথমিক অনুসন্ধানৰ পৰা সন্দেহ কৰিছে বোকাখাতৰ আৰক্ষীয়ে৷

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ অধিক তথা সংগ্ৰহৰ বাবে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।