অসম চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে নিজে স্থাপন কৰা যোৰহাটৰ মহিলা বিশ্ববিদ্যালয় মাত্ৰ কেইবছৰ মান চলায়ে হঠকাৰিতাৰে বন্ধ কৰি দিয়াৰ প্ৰতিবাদত বোকাখাততো আজি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে বোকাখাত মণ্ডল কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে৷
প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গ’ বেক, শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী হায় হায় ধ্বনিৰে উত্তাল কৰে বোকাখাতৰ ৰাজপথ৷ উত্তৰ-পূৰ্বাঞ্চলত কেৱল মহিলাৰ বাবে থকা উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান যোৰহাট মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি চৰকাৰে কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰাৰ প্ৰতিবাদত বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
বোকাখাত ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ য়ু আইৰ কৰ্মীয়ে প্ৰতিবাদী সমদল বাহিৰ কৰি বোকাখাত নগৰৰ মাজমজিয়াত ৩৭ নং ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে৷
প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে যোৰহাট মহিলা বিশ্ববিদ্যায়খন বন্ধ কৰাৰ যি ষড়যন্ত্ৰ তাক বাতিল কৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা প্ৰায় ৭০০ ছাত্ৰী আৰু শিক্ষকসকলক সকলো সা-সুবিধা প্ৰদানৰ দাবী জনায়৷
শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্তি জলোৱাৰ সময়ত বাধা দিবলৈ অহা আৰক্ষীৰ লগত এখন খণ্ডযুদ্ধ হয় কংগ্ৰেছ কৰ্মীৰ লগত৷
উল্লেখযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Assam Women’s University Act, 2013)ৰ যোগে স্বয়ং চৰকাৰে প্ৰতিষ্ঠা কৰা যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী প্ৰতিষ্ঠান খোলাৰ কথা স্বয়ং শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছিল। লগতে খোদ শিক্ষা মন্ত্ৰীজনেই, যিজন এই বিশ্ববিদ্যায়ল আইনখন প্ৰণয়ন কৰাৰ সময়তো শিক্ষা মন্ত্ৰী আছিল, অলপতে অদ্ভুত ঘোষণা কৰিছিল যে উপাচাৰ্য্য নথকা বিশ্ববিদ্যালয়খনে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই। সমগ্ৰ ৰাজ্যজুৰি শিক্ষা মন্ত্ৰীজনৰ এই স্থিতিৰ প্ৰতিবাদ হোৱা দেখা গৈছে।
জানিব পৰা মতে বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যে দুটা বৰ্ষৰ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ কৰিছে আৰু এতিয়াও উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়খনত এতিয়াও প্ৰায় ৭০০ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।