NORTHEAST NOW (Assamese)
অসম

‘এন আৰ চিত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম’ : বিধায়ক শিলাদিত্য দেব

Posted by: এন ই নাও নিউজ April 3, 2018 1:33 pm
Siladitya-

সংবাদ মাধ্যমৰ সন্মুখত সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে আজি পুনৰ সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰিত মন্তব্য কৰা পৰিলক্ষিত হ’ল। বিধানসভা চৌহদতে সংবাদ মাধ্যমৰ আগত আজি বিধায়কগৰাকীয়ে এন আৰ চি আৰু বাংলাদেশী সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে।

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি বিজেপিৰ বিধায়ক শিলাদিত্যই কয়- ‘এন আৰ চিত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম। অসমৰ এন আৰ চিত বিদেশী মুছলমান লোকৰ নাম অন্তৰ্ভুক্তি কৰাৰ বাবে ষড়যন্ত্ৰ চলাই আছে দুই বহিঃৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশে’।

ইয়াৰ উপৰি তেওঁ কয় যে যদিহে এন আৰ চিৰ কাম কাজ এনেদৰে চলি থাকে তেন্তে অসমে নিজে নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰেই হ’ব। তাৰোপৰি অসমলৈ ভিছা লৈ অহা বাংলাদেশী কোনো দিনে নিজৰ ঠাইলৈ উভটি নাযায় বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে বিধায়ক শিলাদিত্যই।

এই সন্দৰ্ভত বিধায়কগৰাকীয়ে নতুন দিল্লীলৈ গৈ বিষয়টো সম্পৰ্কে অভিযোগ দাখিল কৰিব বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।