NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা; নতুনকৈ আক্ৰান্ত ২৭৭জন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 30, 2021 6:17 am
blue-covid

গোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। জিলা খনত নতুনকৈ ২৭৭ জন ক’ভিড ৰোগী চিনাক্ত হৈছে।

এইমূহুৰ্তলৈকে সৰ্বমুঠ  ৫৩৩১ জন ক’ভিড পজিটিভ পোৱাৰ লগতে এতিয়ালৈকে ১৫৯৩ জন সক্ৰিয় ৰোগী আছে।

ইয়াৰ লগতে শনিবাৰে এজন আক্ৰান্তৰ মৃত্যু হ’য়। মৃত লোকজন হৈছে ১নং প্ৰেমহাৰা গেলাবিলৰ গোৱৰাই তেলী (৮৫)। বয়সে গৰকা এই লোকজন পূৰ্বৰ পৰা অন্য ৰোগতো আক্ৰান্ত হৈ আছিল।

নতুনকৈ চিনাক্ত হোৱা ২৭৭ জন লোকৰ ভিতৰত বোকাখাতত ৯১ জন, কমাৰবন্ধা আলিত ২৬ ,সৰুপথাৰত ২০, মিছামৰাত ২৩, শ্বহীদ কুশল ক’ভিড হাস্পাতালত ৭, চাৰিঙীয়াত ১৯, মৰঙীত ২৫, ৱাৰ্ডত ২,নাৰ্চিংহ’মত ১ আৰু আৰ টি পি চি আৰত ৬৩ জন পোৱা গৈছে।

ইফালে মৰঙি ৰাজহ চক্ৰৰ অধীনৰ গেৰুকানি গাঁৱত ২৩ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁৱখনক কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।