NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত তামুলপুৰত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ October 21, 2021 2:19 pm
Congress protest against price rise

মূল্যবৃদ্ধি ৰোধকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত আজি তামুলপুৰত কংগ্ৰেছ দলৰ কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, মহিলাৰ ওপৰত অত্যাচাৰ আৰু নাৰী নিৰ্যাতন বন্ধ কৰক, বিজেপি চৰকাৰে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক , সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰক, বিধায়কসকলৰ কিনা বেচা বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

শেহতীয়াভাৱে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবদ্ধিকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে।