NORTHEAST NOW (Assamese)
অসম

নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত সজাগতা সভা

Posted by: দীপক কুমাৰ পাঠক September 5, 2018 9:45 pm
Pradhan Mantri Matru Vandana Yojana at Nagrijuli

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাগ্ৰীজুলিৰ ছয়টাকৈ চক্ৰৰ অন্তৰ্গত মুঠ ১২০ টা অংগনৱাড়ী কেন্দ্ৰক সামৰি প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত আজি মাতৃত্ব বন্দনা সজাগতা সভা অনুষ্ঠিত হয়।

এই উপলক্ষে আজি পুৱা ১০ বজাত বাল্টিপাৰ গাঁৱৰ এটি অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, মাতৃগোটৰ কৰ্মী, আশা কৰ্মী, গাঁৱৰ সাধাৰণ মহিলা, অংগনৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াকে ধৰি বিভিন্ন মহিলা সংগঠনৰ মহিলা সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদিক লৈ এক শোভাযাত্ৰা উলিয়ায়।

নাগ্ৰীজুলি অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰি দলটোৱে নাগ্ৰীজুলি দুৰ্গা মন্দিৰ প্ৰাংগণত এই শোভাযাত্ৰাৰ সামৰণি মাৰে। শোভাযাত্ৰাৰ অন্তত দিনৰ ১২ বজাত দুৰ্গা মন্দিৰ প্ৰাংগণত স্থানীয় সহায় কৰ্মী শিৱ অধিকাৰীৰ পৌৰাহিত্যত অনুষ্ঠিত মাতৃত্ব বন্দনা সপ্তাহ সজাগতা সভাৰ উদ্দেশ্য বাখ্যা কৰে অংগনৱাদী কেন্দ্ৰ সমূহৰ মুখ্য সেৱিকা নিজৰা মেধিয়ে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পিৰামল ফাউণ্ডেশ্যন আৰু নিটি আয়োগৰ তামুলপুৰ আৰু নাগ্ৰীজুলিৰ ব্লক ট্ৰেন্সফৰ্মেচন বিষয়া মিন্টু শইকীয়া আৰু পূৰবী খাখলাৰীয়ে মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ বিষয়ে বিতংকৈ বিবৰী কয়।

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেৱিকা মধুৰী দাসেও অংগনৱাদী কৰ্মী-সহায়িকা সকলৰ লগতে উপস্থিত মহিলাসকলক উদ্দেশ্যি গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যত্ন আৰু প্ৰতিপালন, প্ৰয়োজনীয় চিকিৎসা, নৱজাতকৰ বাবে মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে বিতংকৈ বাখ্যা কৰে।