NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত প্ৰথম বাৰৰ বাবে মুকলি হ’ল ‘ৰেচিপি ট্ৰেইন ৰেষ্টোৰাঁ’

Posted by: এন ই নাও নিউজ April 3, 2018 3:16 pm
Recipes Train Restaurant

সোমবাৰে গুৱাহাটীত এক নতুন ধাৰণাৰে মুকলি কৰা হ’ল ৰেলগাড়ীৰে খাদ্য পৰিৱেশন কৰা এখন ৰেষ্টোৰাঁ। ‘ৰেচিপি ট্ৰেইন ৰেষ্টোৰাঁ’ নামৰ এই ৰেষ্টোৰাঁখনত গ্ৰাহকসকলক ৰেলগাড়ীৰে খাদ্য পৰিৱেশন কৰাৰ এক সম্পূৰ্ণ নতুন ধাৰণাক বাস্তৱায়িত কৰা হৈছে।

সোমবাৰে গুৱাহাটীৰ জি এছ ৰোডৰ এ বি চি এলেকাত এই নতুন ৰেষ্টোৰাঁখন উদ্বোধন কৰে উ: পূ: সীমান্ত ৰেলৱেৰ জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টচাৰ্যি, এমট্ৰনৰ উপসভাপতি ঋতুবৰণ শৰ্মা আৰু জনপ্ৰিয় গায়ক দীক্ষুয়ে।

এই ৰেষ্টোৰাঁখনৰ বিশেষত্ব হৈছে দুটা বেলেগ বেলেগ ট্ৰেকৰে ৪খন সৰু সৰু ৰেলগাড়ীয়ে গ্ৰাহকসকলক খাদ্য পৰিৱেশন কৰিব। য’ত দূৰ জানিব পৰা গৈছে, এনে ধৰণৰ ট্ৰেইন ৰেষ্টোৰা এই এলেকাত এইখনেই প্ৰথম।

গুৱাহাটীত ভাৰতীয়, চাইনীজ, ভিয়েটনামী আৰু কোৰিয়ান খাদ্য সম্ভাৰ যোগান ধৰা অসংখ্য ৰেষ্টোৰাঁ থকা সময়তে ক্ষুদ্ৰ নমুনা ৰেলগাড়ীৰে গ্ৰাহকক খাদ্য পৰিৱেশন কৰা ধাৰণাটোৱে এই ৰেষ্টোৰাঁখনক এক সুকীয়া মৰ্যাদা দিব বুলি ধাৰণা কৰা হৈছে।