মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ আছু; গোলাঘাটতো আছু কৰ্মীৰ প্ৰতিবাদী সমদল

AASU protest against price hike গোলাঘাটত আছুৰ কৰ্মীসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট জিলা ছাত্র সন্থাই ৰূপায়ন কৰে এই সত্যাগ্ৰহ কাৰ্যসূচী।
গোলাঘাট নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আছুৰ প্ৰতিবাদকাৰী কৰ্মীসকল।
যোগান বিভাগ, যোগান মন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে।
মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰ তথা যোগান বিভাগে নিয়ন্ত্ৰণ নকৰিলে অনাগত দিনত অধিক প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়নী প্ৰদান কৰে।
তদুপৰি, গোলাঘাটৰ উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই।