NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ নিৰ্দলীয় প্ৰাৰ্থী যশৱন্ত চৌহানৰ নিৰ্বাচনী প্ৰচাৰ

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা October 22, 2021 3:24 pm

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী যশৱন্ত চৌহানে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।

আজি আবেলি ১-৩০ বজাত নাগ্ৰীজুলিৰ ২ নং বগৰীখুটিৰ তিনিআলিত নিৰ্দলীয় প্ৰাৰ্থী যশৱন্ত চৌহানৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় এটা মুকলি কৰা হয়।

সভাত কেইবাগৰাকীও সমৰ্থকে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰৰ লগতে বিপিএফ, ইউপিপিএলক সমালোচনা কৰে।

প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ যশৱন্ত চৌহানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হলে চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে মাত মতাৰ লগতে তামুলপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক সমমৰ্যাদা আৰু সম অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

বিপিএফ আৰু ইউপিপিএলৰ শাসনৰ সময়ত চৰকাৰী চাকৰি, ঠিকা ঠুকুলি আদিৰ পৰা অনা বড়ো সকলক বঞ্চিত কৰাৰো অভিযোগ কৰে নিৰ্দলীয় প্ৰাৰ্থী যশৱন্ত চৌহানে।