NORTHEAST NOW (Assamese)
Popular Stories

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2025 7:23 pm

নেপালৰ ভূমি দুৰ্নীতিৰ গোচৰত সাংসদ পদ হেৰুৱাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰে। ভাৰতীয় যোগগুৰু বাবা ৰামদেৱে তেওঁৰ কোম্পানী পতঞ্জলিক অবৈধভাৱে মাটি আবণ্টন দিয়াৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেপালৰ দুৰ্নীতি বিৰোধী সংস্থা চিআইএএই। পতঞ্জলিক বিক্ৰী কৰা মাটিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, কাঠমাণ্ডুৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ কাভ্ৰে জিলাত পতঞ্জলিয়ে ৩২ হেক্টৰ মাটি ক্ৰয় কৰিছিল। যোগ শিবিৰৰ আয়োজন আৰু ঔষধি উদ্ভিদৰ খেতিৰ উদ্দেশ্যে এই মাটি ক্ৰয় কৰা হৈছিল। চিআইএএৰ দাবী অনুসৰি মাধৱে কেবিনেট বৈঠকত ভূমি আইন শিথিল কৰি মাটি বিক্ৰীৰ অনুমোদন দি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। ইয়াতেই শেষ নহল। দুমাহৰ পাছত পুনৰ নিয়ম অৱজ্ঞা কৰি মাটিখিনি ব্যৱসায়িক ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। তদন্তকাৰীয়ে এই ঘটনাক চৰকাৰী নিয়মৰ অপব্যৱহাৰ বুলি অভিহিত কৰে। তেওঁলোকৰ দাবী, মাধৱৰ এই সিদ্ধান্তত ১১.৬ কোটি টকা লোকচান হৈছে। লগতে এই ঘটনাত মাধৱৰ পৰা ক্ষতিপূৰণ আদায় কৰিবলৈও অনুৰোধ জনায়।

জানিব পৰা মতে, এই গোচৰত ৯৪জন লোকক অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। এই তালিকাত প্ৰাক্তন আইন মন্ত্ৰী প্ৰেম বাহাদুৰ সিং, প্ৰাক্তন ভূমি সংস্কাৰ মন্ত্ৰী ডাম্বৰ শ্ৰেষ্ঠ, প্ৰাক্তন মুখ্য সচিব মাধৱ প্ৰসাদ ঘিমিৰে আৰু নেপালত থকা পতঞ্জলিৰ সঞ্চালক শলিগ্ৰাম সিঙৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীও আছে। অৱশ্যে পতঞ্জলিৰ প্ৰধান পিতৃ দুই ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ নাম অভিযোগনামাত উল্লেখ কৰা হোৱা নাই।

নেপালৰ আইন অনুসৰি চৰকাৰী পদত অধিষ্ঠিত ব্যক্তিৰ বিৰুদ্ধে যদি কোনো অভিযোগ উত্থাপন হয় তেন্তে তৎক্ষণাত তেওঁক নিলম্বন কৰা হয়। যাৰ বাবে বৰ্তমান নেপালী সংসদৰ সদস্য হিচাপে থকা মাধৱক সংসদৰ সদস্য হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। অৱশ্যে চিপিএন ইউনিফাইড ছচিয়েলিষ্ট পাৰ্টিৰ সভাপতি মাধৱ কুমাৰ নেপালে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ ক’লে, “মই একো ভুল কৰা নাই।” সকলো আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হবলৈ মই সাজু। এই সকলোবোৰ পি শৰ্মা অলিৰ ৰাজনৈতিক ষড়যন্ত্ৰ। “তেওঁ মোক সম্পূৰ্ণৰূপে শেষ কৰিব বিচাৰে।” পতঞ্জলিয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ মাটিত কোনো ধৰণৰ ব্যৱসায়িক কাম কৰা হোৱা নাই। কেৱল যোগ শিবিৰ আৰু ঔষধি উদ্ভিদৰ খেতি কৰা হয়।