NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ কমাৰবন্ধাত ষ্টেটিক ছাৰ্ভিলেন্স দলে জব্দ কৰিলে আঢ়ৈ লাখ নগদ টকাসহ বিদেশী সুৰা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 2, 2021 7:21 am
IMG-20210301-WA0015(2)

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র ৰাজ্যত এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ তালাচী অভিযান।

এনে স্পৰ্শকাতৰ সময়তে গোলাঘাট থানাৰ অন্তৰ্গত তথা কমাৰবন্ধা আৰক্ষী চকীৰ অধীনৰ কমাৰবন্ধাত মংগলবাৰে নিশা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ প্ৰায় আঢ়ৈ লাখ টকা জব্দ কৰে।

উল্লেখ্য যে, দলটোৱে বাহনখনৰ পৰা ৯টা বিভিন্ন আকাৰৰ বিদেশী সুৰাৰ বটলো জব্দ কৰে।

অৱশ্যে এই মূহুৰ্তলৈকে এই বৃহৎ পৰিমণৰ ধনৰাশি কি উদ্দেশ্যে এনেকৈ লৈ গৈছিল এই বিষয়ে জানিব পৰা হোৱা নাই।

এই ধনৰাশি নিৰ্বাচনকেন্দ্ৰিক কোনো কামত ব্যৱহাৰৰ বাবে লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে।