NORTHEAST NOW (Assamese)
অসম

 ADRE : পৰীক্ষাৰ ভুৱা প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ আলহী হ’ল  ধুবুৰীৰ যুৱক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 7, 2024 9:07 pm
 ADRE : পৰীক্ষাৰ ভুৱা প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ আলহী হ’ল  ধুবুৰীৰ যুৱক

আহি আছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। ছেপ্তেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কেইবাহাজাৰ পদৰ বাবে চৰকাৰী নিযুক্তি পৰীক্ষা।

ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল কৰাৰ নাটক ৰচনা কৰি আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন যুৱক।

জানিব পৰা মতে, শুকুৰবাৰে এখন ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰাৰ চেষ্টা কৰিছিল জামাল নামৰ যুৱকজনে।

শুকুৰবাৰে নিশা ধুৰবুৰীৰ চাপৰৰ কালিৰখালি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জামালক।

অভিযোগ অনুসৰি তেওঁ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত বুলি এখন ভুৱা প্ৰশ্নকাকত ফেচবুকত প্ৰচাৰ কৰি পৰীক্ষাৰ্থী সকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল।