NORTHEAST NOW (Assamese)
জীৱনশৈলী

গৰমত মহৌষধৰ কাম কৰিব পাৰে জনজাতীয় পানীয়ই : জানো আহক সাজপানীৰ উপকাৰিতা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 7, 2024 8:00 pm

ভাৰতৰ উত্তৰ-পূৰ্বৰ প্ৰায়বোৰ জনজাতীয় সমাজত যুগ যুগ ধৰি মদৰ প্ৰচলন চলি আহিছে। জনজাতীয় লোকসকলে মূলতঃ চাউলৰ পৰাই এই মদ প্ৰস্তুত কৰে। চাউলৰ লগত বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদ মিহলাই এক বিশেষ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মদ প্ৰস্তুত কৰা হয়।

জনজাতীয় সমাজৰ দৈনন্দিন জীৱনত ঘৰুতে বনোৱা মদৰ প্ৰচলন হয়। এই সমাজৰ বিভিন্ন মাংগলিক পৰ্বত মদ নহ’লেই নহয়। পৰিশ্ৰমী লোকসকলে দিনটোৰ ভাগৰ মাৰিবলৈ গধূলি ঘৰতে বনোৱা মদৰ জুতি লোৱাটো এক পৰম্পৰা তথা অভ্যাস। বিশেষকৈ গৰমৰ দিন কেইটাত দেহাটো শীতলাই ল’বলৈ এই পানীৰ ব্যৱহাৰ কৰা হয়।

যদিও পৰম্পৰাগতভাবে জনজাতীয় মদৰ প্ৰচলন চলি আহিছে, তথাপি ইয়াৰ কেতবোৰ বিশেষ ঔষধি বা স্বাস্থ্যকৰ গুণ আছে। যিবোৰ গুণৰ কথা হয়তো বহুতেই নাজানে।

চাউলৰ পৰা তৈয়াৰ কৰা মদ পুষ্টি আৰু এন্টিঅক্সিডেন্টৰ উৎস। এই এন্টিঅক্সিডেন্টে সংক্ৰমণ, ডায়েবেটিছ, বাতবিষ, হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ, এলঝেইমাৰ, আৰু এইডছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।

এই পানীয় প্ৰ’বায়’টিকেৰে ভৰপূৰ। প্ৰ’বায়’টিক হৈছে এনে এক অণুজীৱ যি আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।

এক অধ্যয়নত দেখা গৈছে যে চাউলৰ পৰা তৈয়াৰী জনজাতীয় মদে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মানসিক হতাশা দূৰ কৰে। ইয়াৰ উপৰিও বিষ উপশমৰ বাবেও ই উপকাৰী।

জনজাতীয় মদক শক্তিবৰ্দ্ধক বুলি বিবেচিত কৰা হয়। ই ভাগৰ দূৰ কৰাতো সহায় কৰে।

বিঃদ্ৰঃ যদিহে আপুনি কোনো ৰোগত আক্ৰান্ত তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ জনজাতীয় মদ সেৱন নকৰিব।