NORTHEAST NOW (Assamese)
অসম

মৃত্যু ঘটা বুলি ভাবি জীৱিত অৱস্থাতে বৃদ্ধক ২০ ঘণ্টা ধৰি ভৰাই থলে ফ্ৰীজত, তাৰ পিছত কি হ’ল পঢ়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 3:34 pm
Salem_FreezerBox_650

মৃত্যু নঘটা লোককো মৃত বুলি ভাবি সৎকাৰ কৰিবলৈ ওলোৱাৰ বহু ঘটনা ইতিমধ্যে বিভিন্ন ঠাইত ঘটিছে।

শেহতীয়াকৈ মৃত্যু নঘটাকৈয়ে এজন অসুস্থ বৃদ্ধৰ মৃত্যু হোৱা বুলি ভাবি পৰিয়ালৰ একাংশ সদস্যই ফ্ৰীজত ভৰাই থোৱাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো ঘটিছে তামিলনাডুৰ চালেমত। চালেমৰ ৱল্ড হাউচিং কমপ্লেক্সত নিজৰ ভায়েক আৰু ভায়েকৰ পৰিয়ালৰ সৈতে থকা ৭০ বছৰীয়া বৃদ্ধ বালসুব্ৰমণিয়ম কুমাৰ মঙলবাৰে হঠাতে অসুস্থ হৈ পৰে।

বৃদ্ধ গৰাকীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ সলনি তেওঁৰ ভায়েক সৰ্বাননে স্থানীয় ফ্ৰীজাৰ কোম্পানী এটালৈ ফোন কৰে আৰু মৃতদেহ ৰখা এটা ফ্ৰীজাৰ আনিবলৈ কয়।

কোম্পানীৰ কৰ্মীয়ে ফ্ৰীজাৰটো দি থৈ যোৱাত ভায়েক সৰ্বাননে বৃদ্ধ জনক তাত ভৰাই থয়।

আজি পুৱা ফ্ৰীজাৰ ভাড়াত দিয়া কোম্পানীৰ লোকে ফ্ৰীজাৰটো ঘূৰাই নিবলৈ আহি আচৰিত হৈ পৰে।

কাৰণ ফ্ৰীজাৰৰ ভিতৰত ৰখা লোকজনে হাত-ভৰি লৰাই আছে। প্ৰচণ্ড ঠাণ্ডাত লোকজনে কঁপি আছে।

সেই দৃশ্য দেখি কোম্পানীৰ লোক কেইজন নিশ্চিত হয় যে তাত ৰখা লোক জনৰ মৃত্যু ঘটা নাই ।

লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ বৃদ্ধ জনৰ ভাতৃক জেৰা কৰাত ভাতৃ সৰ্বাননে কয় যে অসুস্থ হৈ পৰা তেওঁৰ ককায়েকৰ দুঘণ্টামানৰ ভিতৰতে মৃত্যু ঘটিব বুলি ধাৰণা কৰিয়েই তেওঁক ফ্ৰীজাৰৰ ভিতৰত সুমুৱাই ৰখা হৈছিল।

আৰক্ষীয়ে বৃদ্ধ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ভায়েক সৰ্বাননক অধিক জেৰাৰ বাবে থানালৈ নিছে।