NORTHEAST NOW (Assamese)
অসম

ছেকেণ্ডত ৩০০ মিটাৰ অতিক্ৰম কৰিব পৰা হাইপাৰছ’নিক ক্ৰুজ মিছাইলৰ অধিকাৰী হ’ব ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 4:24 pm
a missile

সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আন বহু দেশৰ সৈতে সমানে ফেৰ মাৰি আগুৱাই যাবলৈ সক্ষম হৈছে ভাৰতে।

বিশ্বৰ আটাইতকৈ দ্ৰুত বেগী মিছাইল ব্ৰাহ্মছৰ অধিকাৰী ভাৰতে হাইপাৰছ’নিক মিছাইলো লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

হাইপাৰছ’নিক ক্ৰুজ মিছাইলৰ গতিবেগ শব্দৰ গতিবেগতকৈয়ো বহু বেছি হ’ব।

আজি ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ডঃ জি সতীশ ৰেড্ডীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে অহা চাৰি-পাঁচ বছৰৰ ভিতৰত ভাৰতে হাইপাৰছ’নিক ক্ৰুজ মিছাইল লাভ কৰিবলৈ সক্ষম হ’ব।

তেওঁ কয় যে হাইপাৰছ’নিক ক্ৰুজ মিছাইল হৈছে এনে মিছাইল যি মিছাইলে ভূপৃষ্ঠৰ পৰা কম উচ্চতাৰে গতি কৰি লক্ষ্যস্থলত আঘাত হানিব পাৰে।

এতিয়ালৈকে বিশ্বত আমেৰিকা, ৰাছিয়া আৰু চীনৰ হাততহে শব্দতকৈ বহু গুণে বেছি গতিবেগ সম্পন্ন হাইপাৰছ’নিক ক্ৰুজ মিছাইল আছে।

প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ মুৰব্বী গৰাকীয়ে প্ৰকাশ কৰা মতে হাইপাৰছ’নিক ক্ৰুজ মিছাইলে প্ৰতি ছেকেণ্ডত ৩০০ মিটাৰ অতিক্ৰম কৰিব পাৰিব।

ভাৰতে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা এনে মিছাইলত scramjet ইঞ্জিন ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

ভাৰতে নিৰ্মাণ কৰা ব্ৰাহ্মছ মিছাইলৰ গতিবেগ ২.৮ মেক।

অৰ্থাৎ এই মিছাইলে শব্দৰ গতি বেগতকৈ তিনি গুণ বেছি বেগত গতি কৰিব পাৰে। হাইপাৰছ’নিক ক্ৰুজ মিছাইলৰ গতিবেগ ইয়াতকৈয়ো বহু বেছি হ’ব।