NORTHEAST NOW (Assamese)
দেশ

বৈধ হ’ব ভাঙৰ খেতি : বিধান সভাত গৃহীত হ’ল প্ৰস্তাৱ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 7, 2024 10:03 pm

হিমাচল প্ৰদেশত বৈধ হ’ব ভাং খেতি। শুকুৰবাৰে ৰাজ্যবিধানসভাই এই প্ৰস্তাৱ গৃহীত কৰে। বিশেষ সমিতিয়ে এই সম্পৰ্কে বিধানসভাত প্ৰতিবেদন দাখিল কৰে। সেই প্ৰতিবেদনত চিকিৎসা আৰু দ্যোগিক ব্যৱহাৰৰ বাবে ভাং খেতিৰ প্ৰস্তাৱ দিয়া হয়।

সেই বিশেষ সমিতিৰ মুৰব্বী আছিল হিমাচলৰ ৰাজহ মন্ত্ৰী জগত নেগী। শুকুৰবাৰে বিধানসভাত তেওঁ কয়, ‘বিগত অধিৱেশনৰ সময়ত গাঞ্জা খেতি সম্পৰ্কীয় এটা প্ৰস্তাৱ দাখিল কৰা হৈছিল। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে এখন সমিতি গঠন কৰেএই সমিতিখনক চিকিৎসা আৰু ঔদ্যোগিক উদ্দেশ্যত ভাং খেতিৰ ওপৰত জনমত আৰু মতামত সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছিল।”

লগতে তেওঁ কয়, “হিমাচলৰ প্ৰতিখন জিলালৈ গৈ কমিটীৰ সদস্যসকলে মানুহৰ লগত কথা পাতিছে। ভাং কেনেকৈ চিকিৎসা আৰু দ্যোগিকভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে। জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশৰ সফল আৰ্হিৰ বিষয়েও আলোচনা কৰা হৈছে। তাৰ পিছতহে ভাং বৈধকৰণৰ প্ৰস্তাৱ দিয়া হৈছে।

নেগীয়ে লগতে কয় যে এই খেতিৰ প্ৰতি ৰাইজৰ কোনো আপত্তি নাই। এই খেতিৰ বাবে বেছি পানীৰ প্ৰয়োজন নহয়। তাৰ বাবেই নতুনকৈ পানী অপচয় হোৱাৰ কোনো সম্ভাৱনা নাই। উৎপাদিত ভাং চিকিৎসা আৰু দ্যোগিক কামৰ বাহিৰে আন কোনো কামত ব্যৱহাৰ নকৰাৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব চৰকাৰে ।