NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত যোগদান আৰ এছ এছৰ স্বয়ংসেৱকৰ; “অসমৰ ৩০ শতাংশ আৰ এছ এছে কংগ্ৰেছক ভোট দিব”

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 16, 2019 9:54 pm
Guwahati- congress joining

নিৰ্বাচনৰ ভৰপকৰ সময়তে ৰাজনৈতিক দল, সংগঠনৰ নেতা-কৰ্মীৰ বিভিন্ন দলৰ পৰা আৰু দললৈ আগমন-নিৰ্গমন চলি থকা প্ৰক্ৰিয়াটোক নতুন মাত্ৰা দি আজি এজন আৰ এছ এছ স্বয়ংসেৱকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু তত্ত্বাৱধায়ক হৰিশ ৰাৱতৰ উপস্থিতিত দলটোত যোগদান কৰে স্বয়ংসেৱক হৰিশংকৰ কুমাৰ দেৱনাথে। তেওঁ সুদীৰ্ঘ ২৬ বছৰ আৰ এছ এছত আছিল।

“আৰ এছ এছত ২৬ বছৰ থাকি বুজি পাইছো- আৰ এছ এছে যুৱকসকলৰ বিবেক কিনি লয়। তেওঁলোকে বিবেক খটাই চিন্তা কৰিব নোৱৰা হৈ পৰে”, দেৱনাথে এৰি অহা সংগঠনটোৰ সমালোচনাত সৰৱ হৈ কয়।

তেওঁ বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছত যোগদান কৰা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

ইয়াতকৈও বিস্ফোৰক মন্তব্যৰে “অসমৰ প্ৰায় ৩০ শতাংশ আৰ এছ এছে এইবাৰ কংগ্ৰেছক ভোট দিব” বুলি তেওঁ দাবী কৰে।

এতিয়াৰ আৰ এছ এছ আৰু বিজেপিয়ে ভাৰতক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশৰ পিনে নিছে বুলি অভিযোগ কৰে সদ্য প্ৰাক্তন স্বয়ংসেৱকজনে। ৰাষ্ট্ৰৰ হিতৰ বাবে কাম কৰিবলৈ সংঘাতত থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি কাকো কোনো সাম্প্ৰদায়িক সংগঠনত যোগ নিদিবলৈ আহ্বানো জনায়।

আদৰ্শগতভাৱে বিৰাট দূৰত্ব থকা সংগঠনটোৰ অসমৰ ৩০ শতাংশ কৰ্মীয়ে এইবাৰ কংগ্ৰেছত ভোট দিব বুলিও তেওঁ দাবী কৰে।

“অসমৰ বৰ্তমানৰ একাংশ আৰ এছ এছে বিজেপিৰ লগত লগ লাগি যি ৰাজনৈতিক কাৰচাজি কৰি আছে সেইবিলাকে আমাৰ পুৰণি আৰ এছ এছ কৰ্মীসকলে ভাল পোৱা নাই। সেয়ে অসমৰ প্ৰায় ৩০ শতাংশ আৰ এছ এছৰ মানুহে এইবাৰ বিজেপিক বাদ দি কংগ্ৰেছক ভোট দিবলৈ আগ বাঢ়ি আহিছে”, যোগদান অনুষ্ঠানটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে একে শাৰীৰ আসন শুৱনি কৰা হৰিশংকৰ কুমাৰ দেৱ নাথে কয়। “ইয়াৰ দায়িত্ব মই লৈছো”, তাৎপৰ্য্যপূৰ্ণ মন্তব্য নাথৰ।

আনহাতে, একেটা যোগদান অনুষ্ঠানতে কংগ্ৰেছত যোগ দিয়ে সৰ্ব ভাৰতীয় ছাত্ৰ ফেডাৰেইশ্যনৰ গুৱাহাটীৰ সভাপতি হৃষীকেশ কলিতা, ষ্টুডেণ্ট ফেডাৰেইশ্যন অব ইণ্ডিয়াৰ কৰ্মী বীথিকা দাস, ইণ্ডিয়ান পীপ’লছ থিয়েটাৰ এছ’চিয়েশ্যনৰ সদস্য দিগন্ত দাস আৰু ৰঙিয়াৰ পংকজ ডেকাৰ নেতৃত্বত সৰ্বমুঠ এশজনতকৈও অধিক সংখ্যকে কংগ্ৰেছত যোগ দিয়ে।