NORTHEAST NOW (Assamese)
অসম

নিশা কলিয়াবৰৰ দেওপানীত ভয়ংকৰ পথ দুৰ্ঘটনা

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 23, 2021 2:09 pm

কলিয়াবৰৰ দেওপানীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিছে চালক- হেণ্ডিমেনৰ।

বলেৰ’ পিক্‌ আপ আৰু চাহপাত কঢ়িয়াই অনা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়।

যোৰহাট অভিমুখী বলেৰ’ পিক্‌ আপ আৰু নগাঁও অভিমুখী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই পথ দুৰ্ঘটনা।

AS 03 AC 2021 নম্বৰৰ বলেৰ’ পিক্‌ আপ বাহন খনে পথেদি পাৰ হোৱা গৰুৰ জাক বচাবলৈ গৈ AS 01 JC 2373 নম্বৰৰ ট্ৰাক খনত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

বলেৰ’ পিক্‌ আপ বাহনৰ চালকজন গুৰুতৰভাৱে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয়।

আহত চালক ময়নুদ্দিন আহমেদক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয়।