NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ সহায়ে নতুন জীৱন দিছে জটিল ৰোগত ভোগা ৩০টি শিশুক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2019 5:55 pm
Assam Govt. support gives new life to 30 children, says Narayana Health City doctor

অসম চৰকাৰৰ সাহায্যৰে যোৱা তিনি বছৰত নতুন জীৱন পাইছে জটিল ৰোগত আক্ৰান্ত ৩০টি শিশুৱে, শনিবাৰে গুৱাহাটীত এই তথ্য প্ৰকাশ কৰিছে বেংগালুৰুৰ নাৰায়না হেলথ চিটিৰ চিকিৎসক সুনীল ভাতে।

অসমৰ এই শিশুসকলৰ বেছিভাগেই হৈছে দুৰাৰোগ্য থেলাছেমিয়াত আক্ৰান্ত। মেৰুদণ্ডৰ মজ্জা সংৰোপন (Bone Marrow Transplant)এৰে তেওঁলোকে এক নতুন জীৱন লাভ কৰিছে।

বিগত ৩ বছৰত অসম চৰকাৰৰ নেৰানেপেৰা সহযোগিতাৰ যোগেদি আমি ৩০ গৰাকীতকৈও অধিক শিশুক এনেধৰণৰ জীৱনবিনাশী ৰোগৰ পৰা আৰোগ্য কৰাবলৈ সক্ষম হৈছো,গুৱাহাটী টাউন ক্লাবত সংবাদমেলযোগে ভাতে জনায়।

ভাত নাৰায়না হেল্থ চিটিস্থিত মজুমদাৰ শ্ব কেন্সাৰ চেণ্টাৰৰ অঙ্কলজি আৰু ব’ন মেৰ’ ট্ৰান্সপ্লাণ্টে’চন, পেডিয়াট্ৰিক হেমাট’লজি বিভাগৰ সঞ্চালক তথা মুৰব্বী চিকিৎসক।

এগৰাকী শিশুৰ অভিভাৱকেও সংবাদমেলখনত নিজৰ অভিজ্ঞতা বিষয়ে বৰ্ণনা কৰে।

অভিভাৱকজনে জনোৱামতে, চিকিৎসালয়খনত মেৰুমজ্জা সংৰোপনৰ পিছত তেওঁৰ পুত্ৰসন্তানটি “সম্পূৰ্ণ সুস্থ” হৈ উঠিছে।

“আগতে প্ৰতি ৩-৪ সপ্তাহৰ মূৰে মূৰে মোৰ ল’ৰাটোৰ তেজ সলনি কৰিবলগীয়া হৈছিল। এই  চিকিৎসাৰ পিছত এতিয়া সি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে,” তেওঁ কয়।

শিশুটিৰ বাবে তেওঁৰ সহোদৰ বায়েকৰ ৰাজহাড়ৰ মজ্জা সংগ্ৰহ কৰা হৈছিল, চিকিৎসক ভাত আৰু সহযোগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অভিভাৱকজনে কয়।

থেলাছেমিয়া, উচ্চ শংকাপূৰ্ণ লিউকমিয়া আদি ৰোগৰ লগতে ইমিউন’ডেফিচিয়েন্সিৰ দৰে জেনেটিক ৰোগতো মজ্জা সংৰোপনেই হৈছে একমাত্ৰ সম্ভৱপৰ চিকিৎসা পদ্ধতি।

মজ্জা সংগ্ৰহৰ বাবে দাতা আৰু লওঁতাৰ মাজত ৰক্তকণাৰ মিল থাকিব লাগে, ভাতে কয়। “সংৰোপনসমূহ সাধাৰণতে সম্পৰ্কীয় দাতা (ভাতৃ-ভগ্নী), পৰিয়ালৰ বাহিৰৰ লোক যাৰ ৰক্তকণাৰ মিল থাকে, হাপ্ল’-আইডেণ্টিকেল ড’নাৰ (পিতৃ-মাতৃ)ৰ ভিতৰতে হ’ব লাগে।”

থেলাছেমিয়াত আক্ৰান্ত ৰোগীৰ দেহত লোহিত ৰক্তকণাৰ উৎপাদন কমি যায় আৰু বিপৰীতে এই কণাবোৰ নষ্ট হোৱাৰ পৰিমাণ বৃদ্ধি পায়।

চিকিৎসা নাপালে এনে ৰোগীৰ ৯০ শতাংশতকৈ অধিক দুবছৰৰ ভিতৰত মৃত্যুমুখত পৰে।