NORTHEAST NOW (Assamese)
অসম

এইবাৰ যোগী আদিত্যনাথৰ চৰকাৰে সলনি কৰিলে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম, নতুন নাম কি ৰখা হ’ল?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 23, 2021 5:47 pm

উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে ৰাজ্য খনৰ বহু ৰাজহুৱা স্থানৰ নাম সলনি কৰিছে।

ইতিমধ্যে মোগলচৰাই, এলাহাবাদ আদি ৰে’ল ষ্টেছনৰ নাম সলনিৰ পিছত এইবাৰ যোগীৰ চৰকাৰে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰিলে।

মোগল যুগৰ স্বাক্ষৰ বহন কৰা ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে অযোধ্যা কেণ্টনমেণ্ট বুলি।

উল্লেখ্য প্ৰায় দুবছৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰিবলৈ যোগী আদিত্যনাথৰ চৰকাৰক আবেদন জনাইছিল।

Latest News: ১৪ বছৰৰ পিছত ১ ডিচেম্বৰৰ পৰা দাম বৃদ্ধি পাব দিয়াচলাইৰো, কিমান হব দাম?

বিশ্ব হিন্দু পৰিষদৰ উক্ত আবেদনৰ প্ৰতি সঁহাৰি জনায়েই আজি যোগীৰ চৰকাৰে ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি কৰি অযোধ্যা কেণ্টনমেণ্ট ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

উল্লেখ্য ফৈজাবাদ নামটোৱে মোগল যুগৰ নামক প্ৰতিনিধিধিত্ব কৰে যদিও ৰামায়ণত পিছতে ফৈজাবাদৰ নামো উল্লেখ আছে।

ইমানৰ পিছতো অৱশ্যে বিশ্ব হিন্দু পৰিষদে ফৈজাবাদ নামটো সলনি কৰিবলৈ আহ্বান জনাইছিল।

উত্তৰ প্ৰদেশত ইতিমধ্যে যোগী আদিত্যনাথৰ চৰকাৰে এলাহাবাদৰ নাম সলাই প্ৰয়াগৰাজ কৰাৰ লগতে মোগলচৰাই ৰে’ল ষ্টেছনৰ নাম দীনদয়াল উপাধ্যায়ৰ নামেৰে ৰাখিছে।