NORTHEAST NOW (Assamese)
অসম

Coronavirus India Update কেন্দ্ৰই উৎসৱত লেকাম ধৰিবলৈ ক’লে ৰাজ্যক; দেশত ২৪ ঘন্টাত কৰ’নাত মৃত্যু ৫৬১জনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2021 11:23 am
child-covid-test-750x375

Coronavirus India Update দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৰ আশংকা ক্ৰমাৎ ঘণীভূত হোৱাৰ সময়তে কেন্দ্ৰই ৰাজ্যসমূহক উৎসৱৰ ক্ষেত্ৰত লেকাম ধৰিবলৈ পৰামৰ্শ দিছে। এই সন্দৰ্ভত ৰাজ্যসমূলৈ পত্ৰও প্ৰেৰণ কৰা হৈছে।

দেৱালীৰ সময়ত নিয়ন্ত্ৰণ নাৰাখিলে দেশত কৰ’না পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৯০৬ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১৬ হাজাৰ ৩২৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৬১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। উৎসৱৰ বতৰত এইদৰে মৃত্যুৰ সংখ্যা বৃদ্ধি স্বাভাৱিকতে চিন্তাৰ বিষয়।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫ হাজাৰ ২৬৯জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১হাজাৰ ৪৭৯জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৫লাখ ৪৮হাজাৰ ৬০৫জন।  

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১লাখ ৭হাজাৰ ৫৯৪ জন।

বৰ্তমানলৈ দেশত ১০ কোটি ০ লাখ ৪৩ হাজাৰ ২৫৮ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৭ লাখৰো অধিক লোকক ভেকচিন দিয়া হৈছে।

সেইদৰে, যোৱা ২৪ঘন্টাত দেশত ১৩লাখ ৪০হাজাৰ ১৫৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে।