NORTHEAST NOW (Assamese)
অসম

ভাৰতে পাকিস্তানৰ বিপক্ষে ক্ৰিকেট মেচত অৱতীৰ্ণ হোৱাটো ৰাষ্ট্ৰধৰ্মৰ বিপৰীত! ৰামদেৱৰ আজৱ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2021 3:25 pm
Ramdev on India-Pakistan Match

টি-২০ বিশ্বকাপত আজি ভাৰত-পাকিস্তানৰ মাজত মহাৰণ হ’ব। বহু চৰ্চিত এই মেচখনক লৈ শনিবাৰে নাগপুৰত এটা আজৱ মন্তব্য কৰিছে যোগগুৰু বাবা ৰামদেৱে।

তেওঁ কয় যে পাকিস্তানৰ স’তে ভাৰতে ক্ৰিকেট মেচত অৱতীৰ্ণ হোৱাটো দেশৰ বাবে অহিতকৰ। ক্ৰিকেট মেচখন দেশৰ ৰাষ্ট্ৰধৰ্মৰ বিপৰীত বুলিও তেওঁ কয়। ক্ৰিকেট মেচখনৰ স’তে তেওঁ সম্প্ৰতি কাশ্মীৰত সংঘটিত হোৱা যুদ্ধসদৃশ ঘটনাৱলীকো সাঙুৰি আনে। তেওঁ কয় যে ক্ৰিকেট খেল আৰু সন্ত্ৰাসবাদৰ খেল একে সময়তে খেলাটো অনুচিত।

উল্লেখযোগ্য যে শেহতীয়াকৈ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ স’তে হোৱা সংঘৰ্ষত কেইবাজনো সৈনিকে প্ৰাণ হেৰুৱাইছে। তদুপৰি যোৱা দুই সপ্তাহত ১১ জনকৈ নিৰীহ লোকৰো প্ৰাণ লৈছে সন্ত্ৰাসবাদী সংগঠনে। এই সন্ত্ৰাসবাদী সংগঠনসমূহত আঁৰত পাকিস্তানৰ হাত আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

কিন্তু ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ নতুন নহয়। ইয়াৰ পূৰ্বেও ভাৰত আৰু পাকিস্তানৰ মাজত এনেধৰণৰ ৰক্তাক্ত সংঘৰ্ষ চলি আহিছে। সমান্তৰালভাৱে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচো অনুষ্ঠিত হৈ আহিছে।

ক্ৰিকেট খেলৰ দ্বাৰা দুয়োখন দেশৰ মাজত মাজে-মাজে বন্ধুত্বমূলক সম্পৰ্কও গঢ় লৈ উঠে। এনেবোৰ গুৰুত্বপূৰ্ণ দিশ উলাই কৰি বাবা ৰামদেৱে কৰা এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।