NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটিল আন এক জাতীয় সংগঠনৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 24, 2021 6:33 pm

ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটিল আন এক জাতীয় সংগঠনৰ।

দেওবাৰে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা নামেৰ আত্মপ্ৰকাশ ঘটে এই নতুন সংগঠনটোৰ।

শিৱসাগৰ যুৱ দলত অনুষ্ঠিত হোৱা এক অনুষ্ঠানতে নতুনকৈ আত্মপ্ৰকাশ ঘটে সংগঠনটোৰ।

অনুষ্ঠানত শিৱসাগৰৰ লগতে ৰাজ্যৰ আন বিভিন্ন প্ৰান্তৰ যথেষ্ঠ সংখ্যক লোকৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

থলুৱা লোকক সুৰক্ষা আৰু সকলো শ্ৰেণীৰ লোকক সমমৰ্যাদাৰ আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰি আজি আত্মপ্ৰকাশ ঘটে নতুন এটা জাতীয় সংগঠন জাতীয় সংগ্রামী সেনা অসম নাম সংগঠনতো।