NORTHEAST NOW (Assamese)
অসম

CM Vigilance ৰ গোচৰত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 28, 2021 12:59 pm

CM Vigilance ৰ গোচৰত অৱশেষত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ{

বিশেষ ন্যায়াধীশৰ আদালতে আজি বিধায়কগৰাকীক জামিন দিয়ে।

সমষ্টি উন্নয়নৰ পুঁজিত সংঘটিত দুৰ্নীতিৰ অভিযোগত CM Vigilanceয়ে তেওঁৰ বিৰুদ্ধে এটা গোচৰ তৰিছিল।

অসম আন্দোলনৰ একাংশ শ্বহীদকলৈ কৰা অপমানসূচক মন্তব্যৰ বাবে পূৰ্বেই বিধায়ক জনক গ্ৰেপ্তাৰ কৰা হৈছিল ।

২/২০২১নম্বৰত তেওঁৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

বিধায়ক জনৰ জামিনৰ বাবে ৫০ হেজাৰ টকাৰ আমানত আৰু দুজন জামিনদাৰ ধাৰ্য্য কৰা হৈছে।

এজন জামিনদাৰ চৰকাৰী চাকৰিয়াল হব লাগিব।

এই চৰ্তসাপক্ষে জামিনদাৰ প্ৰদান।

CM vigilance ৰ গোচৰত জামিন লাভ কৰিলেও ৷

দিছপুৰ, পাণবজাৰ, গীতানগৰ থানাৰ আন গোচৰত উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰা বাবে কাৰাগাৰতে থাকিব লাগিব শ্বেৰমান আলি।