NORTHEAST NOW (Assamese)
অসম

কেনেকৈ হ’ল সম্ভৱ! শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৫জন কাৰাবন্দী HIV Positive

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2021 7:13 pm
CsI3mywVIAAMMoc

HIV Positive in Silchar Central Jail শিলচৰ কাৰাগাৰৰ ৫জন কাৰাবন্দীৰ দেহত এইচআইভি পজিটিভ ধৰা পৰিছে।শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁলোকৰ দেহত এইডছৰ বীজাণু ধৰা পৰিছে। কাৰাগাৰখনত ইয়াকে লৈ আতংকৰ সৃষ্টি হৈছে।

কাৰাগাৰৰ অধীক্ষকে সত্যেন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দুজন শাস্তিপ্ৰাপ্ত আৰু তিনিজন বিচাৰাধীন কাৰাবন্দীক পৰীক্ষা কৰাৰ সময়ত আটাইকেইজনৰে এইচআইভি পজিটিভ ধৰা পৰে।

কাৰাগাৰখনৰ বাকী কাৰাবন্দীৰো বাধ্যতামূলক পৰীক্ষা সম্পন্ন কৰা হৈছে।

উল্লেখ্য যে এই মাহৰে আৰম্ভণিৰ পিনে নগাওঁ জিলাত ৮৮জন বিচাৰাধীন কাৰাবন্দীৰ এইচআইভি পজিটিভ ধৰা পৰিছিল।

কাৰাগাৰ অধীক্ষক বৈশ্যই জানিবলৈ দিয়া মতে শাস্তিপ্ৰাপ্ত কাৰাবন্দী দুজনৰ ভিতৰত এজন মনিপুৰৰ বাসিন্দা আৰু আনজন ট্ৰাক ড্ৰাইভাৰ।

ট্ৰাক ড্ৰাইভাৰসকলে উপযুক্ত সুৰক্ষা অবিহনে যৌন সম্পৰ্ক কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাৰাগাৰালৈ অহাৰ পাছতে ট্ৰাক ড্ৰাইভাৰগৰাকীক পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে।

আনহাতে, মনিপুৰৰ কাৰাবন্দীজনেও অসুৰক্ষিত যৌন সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল আৰু তেওঁৰো পৰীক্ষাৰ পাছত পজিটিভ ধৰা পৰে।

ইপিনে, বাকী তিনিজন বিচাৰাধীন কাৰাবন্দীয়ে ড্ৰাগছ সেৱন কৰিছিল। ড্ৰাগছ লোৱাৰ বাবে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ বাবে এইচআইভি সংক্ৰমণ ঘটাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে তেওঁলোকৰ দুজনক শিলচৰ মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।