NORTHEAST NOW (Assamese)
ক্ৰীড়া

পুনৰ উদয় হ’ব বাৰ্চিলোনাৰ ভাগ্য! নতুন প্ৰশিক্ষক হিচাপে চুড়ান্ত জাভিৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2021 8:46 pm
Barcelona news

অৱশেষত দীৰ্ঘদিনীয়া চৰ্চাৰ অন্ত পেলাই বাৰ্চিলোনাৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰায় নিশ্চিত হৈছে জাভি হাৰ্ণাণ্ডেজৰ নাম। বৃহস্পতিবাৰে সংবাদ মাধ্যমত প্ৰকাশিত বিভিন্ন প্ৰতিবেদন অনুসৰি বাৰ্চিলোনাই জাভি হাৰ্নান্দেজৰ প্ৰশিক্ষক হিচাপে দীৰ্ঘ দিন ধৰি প্ৰত্যাশিত খবৰ চূড়ান্ত কৰিছে।

প্ৰশিক্ষক ৰোনাল্ড কোমানক বৰ্খাস্ত কৰাৰ পিছত বাৰ্চিলোনা বি দলৰ প্ৰশিক্ষক চেৰ্গি বাৰজুয়ানক অস্থায়ী দায়িত্বত ৰখা হৈছে।

বাৰ্চিলোনাৰৰ সভাপতি জোন লাপোৰ্তাই বৃহস্পতিবাৰে প্ৰশিক্ষকৰ পদটোৰ বিষয়ে জাভিৰ সৈতে আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে।

জাভি বৰ্তমান কাটাৰৰ ক্লাৱ আল চাদৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু তেওঁক কাটাৰৰ ক্লাবটোৰ পৰা বাৰ্চিলোনাৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নহ’ব বুলি প্ৰকাশ পাইছে। কাটাৰৰ ক্লাৱটোৰ প্ৰশিক্ষক হিচাপে জাভিয়ে যথেষ্ট সফলতা লাভ কৰিছে।

৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০১৫ চনত বাৰ্চিলোনা ক্লাৱত খেলুৱৈ জীৱন সামৰণি মাৰিছিল। বাৰ্চিলোনাৰ হৈ জাভিয়ে কেৰিয়াৰত লা লিগাত আঠটা আৰু চেম্পিয়নছ লীগত চাৰিটা খিতাপ জয়ী হৈছিল।

পেপ গুয়াৰ্দিওলাৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠিত বাৰ্চা দলত তেওঁৰ প্ৰভাৱৰ পিছত তেওঁক ক্লাবৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় আৰু প্ৰশিক্ষক হিচাপে তেওঁৰ সম্ভাৱনাক লৈ যথেষ্ট চৰ্চিত হৈ আছে।

শেহতীয়াকৈ দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে কোমানক দলৰ প্ৰশিক্ষক পদৰ পৰা অব্যাহতি দিয়া হৈছে। বাৰ্চাই তেওঁলোকৰ অন্তিম সাতখন লীগ খেলৰ ভিতৰত মাত্ৰ দুখন খেলত কোমানৰ অধীনত জয়ী হৈছে।

ছিজনত দুৰ্বল আৰম্ভণিৰে দলটোৱে আনকি পৰৱৰ্তী ছিজনৰ চেম্পিয়নছ লীগৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে।

জাভিৰ মাগদৰ্শনত দলটোৱে পূৰ্বৰ ধাৰালৈ ঘূৰি আহিব বুলি অনুৰাগী সকলে আশা কৰিছে।