NORTHEAST NOW (Assamese)
অসম

Facebook changes its name নাম সলালে ফেচবুকে; জুকাৰবাৰ্গে Facebookৰ নাম ৰাখিলে Meta

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 8:13 am
Facebook-new-logo-Meta

Facebook changes its name to Meta বিগত কিছুদিন ধৰি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ নাম পৰিৱৰ্তনৰ বিষয়ে চৰ্চা চলি আছিল।এইবাৰ সঁচাকৈয়ে এই সৰ্বাধিক জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম Facebook ৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে Meta।

মাৰ্ক জুকাৰবাৰ্গে নিজেই এই বাতৰি শ্বেয়াৰ কৰিছে আৰু এই নাম পৰিৱৰ্তনৰ কাৰণো তেওঁ সদৰী কৰিছে।

আগন্তুক দিনত নতুন যাত্ৰাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জুকাৰবাৰ্গে জানিবলৈ দিয়ে।

জুকাৰবাৰ্গে লিখিছে,’’ক্লাছিক পঢ়ি খুবেই ভালপাঁও। গ্ৰীক শব্দ ‘বিয়ণ্ড’ (অন্তহীন)ৰ পৰাই আহিছে ‘মেটা’ শব্দটো। এই শব্দটো নিৰ্বাচন কৰাৰ কাৰণ হৈছে আৰু বহুতো কিবা সৃষ্টি কৰিবলৈ বাকী। আমাৰ যাত্ৰাৰ বহু নতুন পথ বাকী-এই ধাৰণাৰ পৰাই হৈছে নতুন নামকৰণ।‘’

২০০৪চনৰ ৪ ফেব্ৰুৱাৰীত ফেচবুকৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰ পাছত মাৰ্ক জুকাৰবাৰ্গৰ অদমনীয় প্ৰচেষ্টাত ফেচবুকে ক্ৰমশ ইয়াৰ শাখা-প্ৰশাখাসমূহ বিস্তাৰ কৰিছে।