NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ পৰা বাচিবলৈ চলোৱা চেষ্টাত গুৰতৰভাৱে আহত বনকৰ্মী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 17, 2020 9:42 pm
IMG_20200217_170443

আজি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত পহৰাৰত এজন বন বেটেলিয়নৰ কনিষ্টবলক এটা গঁড়ে আক্ৰমণ কৰিবলৈ খেদি অহাত কনিষ্টবলজন গুৰুতৰভাৱে আহত হয়।

আহত লোকজনৰ নাম জিয়াৰুল ৰহমান বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ৰহমানে বনাঞ্চলত পহৰা দি থকা অৱস্থাত হঠাৎ গঁড়টোৱে আক্ৰমণৰ বাবে খেদি অহাত তেওঁ পলাবলৈ চেষ্টা কৰোতেই পৰি যায় আৰু ভৰি ভাঙি আহত হয়।

লগে লগে সতীৰ্থসকলে প্ৰাথমিক চিকিৎসাৰ বাবে আহত জোৱানজনক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পাছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আহত জোৱানজন অগৰাতলি ৰেঞ্জৰ ম’হখুটি বন শিবিৰত কৰ্মৰত দ্বিতীয় বন বেটেলিয়নৰ কনিষ্টবল আছিল।

আহত জিয়াৰুল ৰহমানৰ ঘৰ তিতাবৰৰ বৰহোলাত বুলি জানিব পৰা গৈছে।