NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: অসমত ১৮৬২ নতুন আক্ৰান্ত, ১২৭৭ চিকিৎসালয়ৰ পৰা মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 11:53 pm
1862 persons test COVID-19 positive in Assam on Friday

১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী।

টেষ্টৰ তুলনাত অসমত ক’ভিড পজিটিভৰ হাৰ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত ৩৮,৩২৪টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ ৪.৮৫%।

ইফালে অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা ৩০,৩৫৭গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৮১১গৰাকী।


আনহাতে দিনটোত চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ ফলত মুঠ মৃতকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে ৪০,২৬৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।