NORTHEAST NOW (Assamese)
অসম

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ কৰিলে আদালতে

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং August 1, 2020 6:39 am
Story-10-13-1140x570

ধুবুৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে এটা বৈদ্যুতিন মাধ্যমৰ স্থানীয় সাংবাদিক ৰাজীৱ শৰ্মাৰ সম্পূৰ্ণ জামিন মঞ্জুৰ কৰিছে।

ইয়াৰ পূৰ্বে তেওঁক দুবাৰ অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল।

ধুবুৰীৰ তদানীত্বন মাণ্ডলিক বন বিষয়া বিশ্বজিৎ ৰয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত সাংবাদিক শৰ্মাক যোৱা ১৬জুলাইত নিশা প্ৰায় ২বজাত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৮৬/৩৮৪/৩৮৫/৩৮৯/৫০৫ ধাৰাৰ অধীনত ৯০৩/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল।

সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ পিতৃৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু তাৰপাছতে শৰ্মাৰ ১৮জুলাইলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছিল।

আনহাতে, ১৮জুলাইত তেওঁৰ অন্তৰ্ৱতী জামিনৰ ম্যাদ যোৱা বুধবাৰলৈকে বৃদ্ধি কৰা হয় আৰু বৃহস্পতিবাৰে আদালতে তেওঁৰ সম্পূৰ্ণ জামিন মঞ্জুৰ কৰে।