NORTHEAST NOW (Assamese)
অসম

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবী টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ August 1, 2020 7:06 am
IMG-20200731-WA0022

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবীৰে শুকুৰবাৰে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ প্ৰাঙ্গণত এখনি সংবাদমেল আয়োজন কৰা হয়।

টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতি,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ সমিতিয়ে এই সংবাদেমলৰ আয়োজন কৰে।

চলিত মাহৰ ২৪ জুলাই তাৰিখে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ ভাণ্টে ভীক্ষু ইন্দ্ৰাচাৰাক জনৈক বিকি বৰুৱা নামৰ এজন স্থানীয় যুৱকে মটৰ চাইকেলেৰে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ সমীপতে খুন্দিয়াই  হত্যা কৰাৰ চেষ্টা কৰিছিল।

সংবাদমেলত ভাৰতবৰ্ষৰ খিলঞ্জীয়া তথা জনজাতি সকলক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰণয়ণ কৰা Scheduled Caste and Scheduled Tribes Prevention Atrocity Act 1989 খন উচ্চতম ন্যায়ালয়ে কঠোৰ ভাবে বলৱৎ কৰাৰ পাছতো চৰকাৰে বহু ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰা হয়।

তেওঁলোকে উক্ত আইন থকাৰ পাছতো বিশেষকৈ অসমৰ জনজাতি সকলৰ ওপৰত অত্যাচাৰ অব্যাহত থকাৰ সময়ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।

টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া আৰক্ষী অধীক্ষকক উক্ত যুৱক জনক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।