NORTHEAST NOW (Assamese)
অসম

বিধায়ক পদ্ম হাজৰিকাই আইন হাতত তুলি লোৱা কাৰ্য নিন্দনীয়: চিপিআই (এম)

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 31, 2020 11:18 pm
5087_b

কালি ভূমি বিবাদক কেন্দ্ৰ কৰি সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ পাছতে জামুগুৰিহাটৰ চকীহাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

সেই সময়তে বিধায়ক পদ্ম হাজৰিকাই হাতত মৰানস্ত্ৰ অৰ্থাৎ এটা বন্দুক লৈ ৰাজপথত ঘূৰি আছিল। ইতিমধ্যে ছচিয়েল মেডিয়াত ভাইৰেল হৈছে ফটোখন।

তাৰ পাছতে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই (এম) ৰ সম্পাদক দেবেন ভট্টাচাৰ্যই কয় “বিধায়ক পদ্ম হাজৰিকাই হাতত মৰানস্ত্ৰ লৈ ৰাজপথত ঘূৰি ফুৰা কথাটোৰ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। বিবাদমান অঞ্চলত আৰক্ষীৰ সন্মুখতে বিধায়কজনে অস্ত্ৰ কঢ়িয়াই লৈ ফুৰিছে।”

“এনেদৰে সকলো নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই বিধায়কে আইন হাতত তুলি লোৱাটো গৰ্হিত কাৰ্য্য।” ভট্টাচাৰ্য্যই লগতে কয়।

ইপিনে, বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কোনো ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাটো উচিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় “উত্তেজনা সৃষ্টি কৰা আৰু সংঘাতৰ বাবে দায়ী সকলৰ বিৰুদ্ধে যথা যথ ব্যৱস্থা গ্ৰহণ কৰাটো আৰক্ষী প্ৰশাসনৰ দায়িত্ব। কিন্তু চৰকাৰে ইয়াৰ পৰিবৰ্তে এজন বিধায়কক আইন তুলি ল’ব দিব নোৱাৰে।”

পূৰ্বেও বিধায়ক পদ্ম হাজৰিকাই এনে ধৰণৰ আইন উলংঘন কৰা বুলি অভিযোগ তুলি চৰকাৰক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনায়।