NORTHEAST NOW (Assamese)
অসম

নিশা হঠাতে অসুস্থ জুবিন গাৰ্গ; হাস্পাতালত ভৰ্তি, কেনে আছে জুবিন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 10:10 am
jub-640x375

Zubeen Garg admitted to Hospital নিশা হঠাতে অসুস্থ হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগাৰ পাছত জুবিনক মহানগৰীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়।

সূত্ৰসমূহৰ মতে বুধবাৰৰ পৰাই শিল্পীগৰাকী উচ্চ ৰক্তচাপৰ সমস্যাত ভূগি আছিল।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০-৪৫ বজাত জুবিনক হাস্পাতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ লগত পত্নী গৰিমা শইকীয়া গাৰ্গ আছে।

Also Read: Facebook changes its name নাম সলালে ফেচবুকে; জুকাৰবাৰ্গে Facebookৰ নাম ৰাখিলে Meta

চিকিৎসকে তেওঁৰ তেজ পৰীক্ষা, ইচিজি আদি কৰাৰ পাছত জুবিনক বিপদমুক্ত বুলি ঘোষণা কৰে। তেওঁৰ স্বাস্থ্যক লৈ বৰ্তমান কোনো উদ্বিগ্নতাৰ কাৰণ নাই বুলি জানিবলৈ দিছে চিকিৎসকে।

আজি পুনৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা জুবিনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব।

ইপিনে, জুবিনে তেওঁ সুস্থ বুলি কৈ তেওঁৰ অনুৰাগী তথা অসমৰ জনসাধাৰণক তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন নহ’বলৈ আহ্বান জনাইছে।