NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 6:10 pm
Amid Covid-19, Controversial Yulin Dog Meat Festival kicks off in China

কৰ’নাভাইৰাছৰ বিশ্বজোৰা সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ হৈছে বিতৰ্কিত ইউলিন কুকুৰৰ মাংসৰ উৎসৱ।

২১ জুনৰ পৰা আৰম্ভ হোৱা এই বিতৰ্কিত উৎসৱ ৩০ জুনলৈকে ১০ দিনৰ বাবে চলিব।

চীনৰ উহানৰ এখন বজাৰৰ বাদুলীৰ পৰাই কৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰথমে আৰম্ভ হোৱা বুলি বিশ্বজুৰি প্ৰতিক্ৰিয়া হৈছিল।

পিছতে চীনৰ চৰকাৰে সেই বজাৰখন বন্ধ কৰি দিছিল। কিন্তু কিছুদিন পিছত বজাৰখন পুনৰ মুকলি কৰি দিয়ে।

এতিয়া কুকুৰৰ মাংসৰ উৎসৱটোক লৈয়ো পশুপ্ৰেমী কৰ্মীকে ধৰি বিভিন্ন লোকে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৰ’নাৰ সংহাৰৰ মাজতে চীনে কুকুৰ আৰু মেকুৰীক পোহনীয়া পশু (pet) হিচাপে গণ্য কৰি এইবোৰ খোৱাটো বন্ধ কৰা হ’ব বুলি বাতৰি প্ৰকাশিত হৈছিল।

ফলত এই বছৰ সেই উৎসৱ বন্ধ হ’ব বুলি আশা কৰা হৈছিল।

কিন্তু এতিয়া পুনৰ ইউলিন কুকুৰ মাংসৰ উৎসৱৰ অনুমতি দিয়াক লৈ বিশ্বৰ পশুপ্ৰেমীসকল ক্ষুভিত হৈ পৰিছে।

ইউলিন কুকুৰ মাংসৰ উৎসৱত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়।

বজাৰখনত বিভিন্ন ধৰণৰ কুকুৰ সজাত বন্দী কৰি ৰখা হয় আৰু গ্ৰাহকৰ পচন্দ অনুযায়ী সেইবোৰক তাতে মাৰি খোৱাৰো ব্যৱস্থা আছে।