NORTHEAST NOW (Assamese)
অসম

চিবিআই আদালতে নাকচ কৰিলে চুমি বৰাৰ জামিন আবেদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2024 8:36 am

আনুমানিক কমেও ২২০০ কোটি টকাৰ অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰ্তমান কাৰাগাৰত বন্দী হৈ থকা অভিনেত্ৰী-নৃত্য পৰিচালক চুমি বৰাৰ জামিন আৱেদন মঙলবাৰে চিবিআইৰ এক বিশেষ আদালতে নাকচ কৰে।

কেইবাঘণ্টা ধৰি চলা শুনানিত বৰাৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁ তদন্তত সহযোগিতা কৰি আহিছে।

অৱশ্যে চিবিআইয়ে ইয়াৰ বিৰোধিতা কৰাৰ বাবে বৰাক জামিন দিব পৰা নগ’ল বুলি ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে।

লগতে পঢ়কঃনাম সলনি হ’ল কৰিমগঞ্জ জিলাৰ : যোগীৰাজ্যৰ পৰা অসমলৈ আমদানি হ’ল নাম সলনিৰ ৰাজনীতি!

আনহাতে, এই গোচৰৰ প্ৰধান অভিযুক্ত বিশাল ফুকনৰ লগতে সুৱনজ্যোতি কুৰ্মী আৰু চন্দন নাথৰ জামিন আৱেদনৰ শুনানি বুধবাৰে আদালতে গ্ৰহণ কৰিব।

বহু কোটি টকীয়া এই কেলেংকাৰিৰ তদন্তৰ সময়ত চুমি বৰাই বিশাল ফুকনক বিনিয়োগকাৰীক চিনাকি কৰাই দি সহায় কৰাৰ অভিযোগ উত্থাপন হয়।

এই কেলেংকাৰি পোহৰলৈ অহাৰ পিছৰে পৰা চুমি বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আছিল।

লগতে পঢ়কঃগিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুকলি হ’ল বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ

কিন্তু যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীৰ সন্মুখত দুয়োগৰাকীয়ে আত্মসমৰ্পণ কৰে।