NORTHEAST NOW (Assamese)
অসম

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আমি ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰো : ৰাছিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 6:09 pm

ভাৰত-ৰাছিয়া আৰু চীন (আৰ আই চি)ৰ বৈদেশিক মন্ত্ৰ্যালয় স্তৰৰ ভাৰ্ছুৱেল বৈঠকৰ সময়ত মঙলবাৰে ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ  নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক সমৰ্থন কৰে বুলি মন্তব্য কৰে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চেৰ্জি লাভৰভে বৈঠকৰ সময়ত ৰাছিয়াই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক সমৰ্থন আগবঢ়াব বুলি কয়।

” ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আমি ভাৰতৰ প্ৰাৰ্থীত্ব সমৰ্থন কৰো,” ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, বিগত সপ্তাহত ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ কাৰ্য্যকাল দুবছৰ। ভাৰতৰ কাৰ্য্যকাল ২০২১ চনৰ জানুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব।

ভাৰত আৰু চীনৰ মাজত শেহতীয়াকৈ সীমান্তত চলি থকা উত্তেজনাময় পৰিবেশৰ সময়ত ৰাছিয়াৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো বৰ্তমান সময়ত ৰাছিয়াত আছে।