NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ সদনত দাখিল বিধেয়ক; গান্ধীৰ ঐতিহ্য প্ৰসাৰৰ বাবে বিচাৰিলে বাজেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2019 10:43 am
mahatma_gandhi_1576896540_618x347

আমেৰিকাৰ প্ৰসিদ্ধ নাগৰিক অধিকাৰ নেতা কংগ্ৰেছী জুন লুইছে মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ঐতিহ্য প্ৰসাৰৰ বাবে প্ৰতিনিধি সভাত এখন বিধেয়ক দাখিল কৰিছে।

তেওঁ আগন্তুক পাঁচ বছৰৰ বাবে ১৫০ মিলিয়ন আমেৰিকান ডলাৰৰ বাজেট আৱন্টন বিচাৰিছে।

মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনৰ বাবে প্ৰস্তুত কৰা এই বিধেয়ক বিশ্বৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰৰ দেশ দুখনৰ মাজৰ বন্ধুত্বক প্ৰতিফলিত কৰিছে।

তদুপৰি, ই মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ঐতিহ্য বহন কৰাৰ লগতে তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি।

আনহাতে, বিধেয়কখনত গান্ধী-কিং ডেভেলপমেন্ট ফাউণ্ডেশ্যন প্ৰতিষ্ঠাৰো প্ৰস্তাৱ ৰখা হৈছে।

বিধেয়কখনত ফাউণ্ডেশ্যনৰ বাবে প্ৰতি বছৰে ৩০ মিলিয়ন আমেৰিকান ডলাৰ আৱন্টনৰ দাবী কৰা হৈছে। আগন্তুক পাঁচ বছৰৰ বাবে এই আৱন্টন অব্যাহত ৰখাৰো দাবী কৰা হৈছে।

ফাউণ্ডেশ্যনত আমেৰিকা আৰু ভাৰত চৰকাৰৰ দ্বাৰা গঠিত এখন কাউন্সিল থাকিব যিয়ে স্বাস্থ্য, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন, শিক্ষা, মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰসমূহত কাম কৰাৰ বাবে বেচৰকাৰী সংস্থাসমূহক অনুদান আগবঢ়াব।

এই বিধেয়কখনে আন ছয়গৰাকী ডেম’ক্ৰেটিক সদস্যৰ সমৰ্থন লাভ কৰিছে।

বিধেয়কখনত ২০২৫ চনলৈকে ২ মিলিয়ন আমেৰিকান ডলাৰৰ আৱন্টনৰ সৈতে গান্ধী-কিং ছাত্ৰ বৃত্তিৰ আদান-প্ৰদানৰ ব্যৱস্থা ৰখাৰো প্ৰস্তাৱ দিয়া হৈছে।