NORTHEAST NOW (Assamese)
অসম

দল বাগৰা নেতাক লৈ সৰৱ অসম জাতীয় পৰিষদ,মূল্য বৃদ্ধি ৰোধৰ দাবীত বিক্ষোভ কাৰ্যসূচী

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 29, 2021 2:46 pm

ক’ৰনা আৰু মূল্যবদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ সময়তেই নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে দল বাগৰি ৰাজ্যত উপ নিৰ্বাচনৰ পৰিৱেশ সূচনা কৰা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ।

অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, খাদ্য মন্ত্ৰী হুচিয়াৰ, ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদে।