NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভালুকে চুৰি কৰি খালে কেফেৰ বিস্কুট

Posted by: এন ই নাও নিউজ, ইন্টানেশ্যনেল ডেস্ক Updated by: এন ই নাও নিউজ, ইন্টানেশ্যনেল ডেস্ক November 5, 2022 3:11 pm

আমেৰিকাৰ কেলিফৰ্ণিয়াত ঘটিল এক আজৱ কাণ্ড। ইউনাইটেড প্ৰেছ ইণ্টাৰনেশ্যনেলৰ পৰা পোৱা তথ্য অনুসৰি যোৱা বুধবাৰে সন্ধিয়া কেলিফৰ্ণিয়াৰ চাউথ লেক টোহো নামৰ গাঁৱৰ নেচলে টল হাউছ কেফেত সংঘটিত হৈছে এই কাণ্ড।

কেফেখনত আছিল বহুকেইজন গ্ৰাহক। কোনোবাই দিনটোৰ ভাগৰ দূৰ কৰিবলৈ কেফে খনলৈ আহি কফিৰ কাপত চুমুক দি আছিল। কোনোবাই কৰি আছিল প্ৰেমালাপ। কোনোবাই আকৌ মজি আাছিল ৰসাল আড্ডাত। সেই সময়তে এটা ভালুকে বীৰদৰ্পে প্ৰৱেশ কৰিলেহি কেফেখনত। ক্ৰেতাৰ মাজত বিয়পি পৰিল আতংক।

গ্ৰাহকৰ হূলস্থূললৈ কেৰেপ কৰা নাছিল ভালুকে। পোনে পোনে গৈ সি কাউণ্টাৰত থোৱা বিস্কুটত হাত দিলেগৈ। এটা এটা কৈ ভালুকে খালে কেইবাটাও বিস্কুট।

এই সমগ্ৰ দৃশ্য বন্দী হ’ল কেফেখনৰ এগৰাকী কৰ্মচাৰীৰ কেমেৰাত। লগে লগে ভাইৰেল হৈ পৰিল বনৰ ভালুক আহি বিস্কুট খোৱা ভিডিঅ’।

অৱশ্যে যথেষ্ট খেদা-খেদি কৰিও ভালুকটোক আঁতৰাই পঠাব নোৱাৰিলে কেফেখনৰ কৰ্মচাৰীয়ে। অৱশেষত আৰক্ষীক খবৰ দিয়া হ’ল। আৰক্ষী উপস্থিত হৈ হে খেদি পঠালে ভালুকটোক।

বনৰ ভালুক আহি মানুহৰ খাদ্য খোৱাৰ দৃষ্টান্ত এয়েই প্ৰথম নহয়। যোৱা ছেপ্তেম্বৰ মাহতো হৈছিল তদ্ৰুপ ঘটনা। কানেকটিকাটৰ ৱেষ্ট হাৰ্টফোৰ্ডত চলি আছিল এটি দুবছৰীয়া শিশুৰ জন্মদিনৰ পাৰ্টি। আৰু তেনে সময়তে অৰণ্যৰ পৰা ওলাই অহা এটা ভালুকে প্ৰৱেশ কৰে জন্মদিনৰ পাৰ্টিত। জন্মদিনৰ পাৰ্টিলৈ আহি ভালুকটোৱে বাৰ্থডে কেকটোকে খাই গুচি গৈছিল অৰণ্যৰ দিশে।