NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়োগৰ ভোটাৰ সজাগতা অভিযান, ’বিশেষভাবে সক্ষম শিল্পী’ৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 5, 2022 4:59 pm

গুজৰাটকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। এনে সময়তে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে বিশেষভাবে সক্ষম প্ৰতিভাসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰে। বিভিন্ন ৰাজ্যৰ পৰা যোৱা বিশেষভাবে সক্ষম ব্যক্তিসকলে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে অক্ষমতা অক্ষমতা নহয়, অধিকাৰ বিকশিত কৰিবলৈ আমি সকলোৱে সংবেদনশীল হোৱা প্ৰয়োজন।

মেঘালয়ৰ প্ৰত্যাহ্বানগ্ৰস্ত শিল্পীসকলৰ সংগীত বেণ্ড আৰু দিল্লীৰ বিশেষভাৱে সক্ষম নৃত্যশিল্পীসকলে সন্মিলনত প্ৰদৰ্শন কৰে তেওঁলোকৰ অপূৰ্ব সাংস্কৃতিক কাৰ্যসূচী।এই কাৰ্যসূচীৰ জৰিয়তে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰো প্ৰয়াস কৰা হৈছে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত শ্ৰী অনুপ চন্দ্ৰ পাণ্ডেও এই অনুষ্ঠানত উপস্থিত থাকে।

ডিইপিডব্লিউডিৰ সচিব শ্ৰী ৰাজেশ আগৰৱালে তেওঁৰ মন্তব্যত নিৰ্বাচনক অধিক সামগ্ৰিক, সুলভ কৰি তোলাত ইচিআইৰ দ্বাৰা বিগত বছৰবোৰত সামৰি লোৱা হৈছে আৰু অংশগ্ৰহণকাৰী।

পিডব্লিউডি ভোটাৰসকলক আৰামদায়ক পৰিবেশত ভোটদানৰ সুবিধা কৰি দিয়া বাবেও তেওঁ ধন্যবাদ জনায়।
অনুষ্ঠানত মেঘালয়ৰ সংগীত বেণ্ড ‘লাইট আফটাৰ ডাৰ্ক’ৰ শিল্পীসকলে মনোগ্ৰাহী অনুষ্ঠান প্ৰদৰ্শন কৰে।
দিল্লী, কেৰালা, হাৰিয়ানা, ছত্তীশগড়, গোৱা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মিজোৰাম, চণ্ডিগড়, ৰাজস্থান, তামিলনাডু
আৰু পশ্চিম বংগৰ বিশেষভাবে সক্ষম লোকে ইয়াত ভাগ লয়।