NORTHEAST NOW (Assamese)
অসম

টোল গেট স্থাপনক লৈ গোলাঘাটৰ ৰঙাজানত আছুৰ উত্তাল প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট October 29, 2021 4:46 pm

টোলগেট স্থাপনক লৈ গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত স্থাপন কৰিবলৈ লৈছে কেইবাখনো নতুন টোলগেট।

উজনিৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো স্থাপন হ’ব দুখনকৈ টোলগেট।

দেৰগাঁৱৰ ৰঙামাটিৰ পাছত এইবাৰ গোলাঘাটৰ ৰঙাজানত স্থাপন কৰিবলৈ লৈছে টোলগেট।

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰঙাজানৰ স্থাপনৰত টোলগেটৰ সমুখত গোলাঘাট মহকুমা ছাত্র সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ।

মোডী চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে কঁপাই তোলা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্র কৰ্মীয়ে অংশ লয়।