NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল; মৃত্যু কিমান জনৰ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 29, 2021 8:22 pm
test-covid-

আজিৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে আছে।

আজি ৰাজ্যত সৰ্বমুঠ ৪৩,৮৪১টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ৩২২ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, আজি কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৭৩ শতাংশ।

কামৰূপ মেট্ৰ’ত আজি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১১২ গৰাকী।

আজি ৰাজ্যত ৩ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.৪০ শতাংশ।


ইপিনে, মহানগৰীৰ ৰূপনগৰৰ চাৰিটা স্থানত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

কোভিড সংক্ৰমণৰ বাবে মহানগৰীৰ দুখন বিদ্যালয় ক্ৰমে গাড়ীগাঁও বালিকা মোক্তাব আৰু , মালিগাঁৱৰ কামাখ্যা হাইস্কুলক জ’ন ঘোষণা কৰা হৈছে

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমত পুনৰ লকডাউনৰ সম্ভাৱনা একপ্ৰকাৰ নুই কৰিছে।

ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা কোভিড SOP অনুসৰি নিশা ১০ বজালৈ খোলা ৰাখিব পৰা যাব দোকান-পোহাৰ।

নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে।