NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত হিজবুলৰ নতুন নেতা হিচাবে নিযুক্তি এম ফিলৰ ছাত্ৰ জুবেইৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 4:30 pm
a zubeir

কাশ্মীৰত শেহতীয়াকৈ নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত হিজবুল মুজাহিদিনৰ নেতা  ছইফুল্লা মীৰৰ মৃত্যু ঘটাৰ পিছত সংগঠনটোৰ নতুন নেতা হিচাবে দায়িত্ব অৰ্পন কৰা হৈছে এম ফিলৰ ছাত্ৰ জুবেইৰ ৱানিক।

আজি ভাৰতীয় চোৰাংচোৱাই এই কথা প্ৰকাশ কৰিছে।

ডেৰাদুনৰ এখন কলেজত এম ফিলৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি থকা জুবেইৰে হঠাতে পঢ়া-শুনা  এৰি দি সন্ত্ৰাসবাদী সংগঠনটোত যোগ দিছিল।শিক্ষিত হোৱা বাবেই হিজবুলত অতি কম দিনৰ ভিতৰতে জুবেইৰ জনপ্ৰিয় হৈ পৰিছিল।

যোৱা ১ নৱেম্বৰত কাশ্মীৰত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত হিজবুলৰ নেতা ছইফুল্লা নিহত হোৱাৰ পিছতে সংগঠনটো পৰিচালনা কৰিবলৈ এজন নেতাৰ সন্ধান কৰা হৈছিল।প্ৰথাৱস্থাত আছৰাখ খানক হিজবুলৰ নেতা হিচাবে নিযুক্তি দিয়াৰ কথা চিন্তা কৰা হৈছিল যদিও তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে জুবেইৰকে নেতা হিচাবে নিৰ্বাচন কৰা হয়।

শিক্ষিত জুবেইৰে কাশ্মীৰৰ বহু পঢ়ি থকা যুৱকক সংগঠনটোৰ প্ৰতি আকৃষ্ট কৰা চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

কাশ্মীৰৰ অনন্তনাগ জিলাৰ দেহৰুণা গাঁোৰ বাসিন্দা জুবেইৰে শিক্ষা আধাতে এৰি ২০১৮ চনত হিজবুল মুজাহিদিনত যোগ দিছিল।